ভাৰতৰ তাৰকা অপেনাৰ ৰবীন উথাপ্পাই ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
তেওঁ টুইটৰ জৰিয়তে এই তথ্য প্ৰদান কৰিছে।
ভাৰতৰ ২০০৪ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপ দলৰ সদস্য উথাপ্পাই ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় পৎৰ্যায়ত আত্মপ্ৰকাশ কৰে আৰু ৪৬ খন এদিনীয়া আৰু ১৩ খন টি-২০ খেলিছিল।
২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ বিজয়ী ভাৰতীয় দলটোৰ অংশ আছিল উথাপ্পা।
তেওঁ কৰ্ণাটকৰ সৈতে কেইবাটাও ঘৰুৱা খিতাপ জষী হোৱাৰ উপৰি ২০১৪ চনৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে দুবাৰ আৰু ২০২১ চনত চেন্নাই চুপাৰ কিংছৰ সৈতে আই পি এল খিতাপ জয়ী হৈছিল।