আজি দিনৰ ১১ বজাত যোৰহাটৰ প্ৰীতম ভৱনত অংকুৰণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। তিনিওখন গ্ৰন্থৰ প্ৰকাশক তথা অকণিৰ অংকুৰণ নামৰ শিশু আলোচনী আৰু অঙ্গন ই-আলোচনীৰ মুখ্য সম্পাদক হেমেন নাথে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট নিৱন্ধকাৰ তথা সাহিত্য সমালোচক হেমচন্দ্ৰ শইকীয়াই। গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, লেখক ড০ অখিল চক্ৰৱৰ্তী আৰু বিশিষ্ট লেখিকা, কবি নীলিমা শৰ্মা। বিশিষ্ট বিজ্ঞানী তথা লেখক ড০ দিলীপ কোঁৱৰৰ গল্পপুথি "ওখোৰা-মোখোৰা ল'ৰালিকাল" আৰু জনপ্ৰিয় কবি তথা লেখিকা মঞ্জুলা দেৱীৰ উপন্যাস "অবিচাৰত দহে যাৰ হিয়া" গ্ৰন্থ দুখন উন্মোচন কৰি উন্মোচক ড০ অখিল চক্ৰৱৰ্তীয়ে কয় যে লেখকৰ নিয়মীয়াকৈ লিখা অভ্যাসৰ অতি আৱশ্যক। যিকোনো পৰিস্থিতিত লেখকে নিয়মীয়াকৈ লিখিবই লাগিব। এই অভ্যাসেহে তেখেতক লেখক হিচাপে চিৰস্থায়ী পৰিচয় দিব। একেদৰে অসমৰ জনপ্ৰিয় অনুবাদক তথা লেখিকা অৰুণিমা শৰ্মা মহাপাত্ৰৰ দ্বাৰা অনুবাদিত "ৰাছিয়াৰ সাধু" নামৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখিকা নীলিমা শৰ্মাই কয় যে শিশু সকলৰ মনস্তাত্বিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অতি সহজ সৰল ভাষাৰে অতি সুন্দৰকৈ অনুবাদ কৰা "ৰাছিয়াৰ সাধু" গ্ৰন্থখনে অকণিহঁতৰ মনত আনন্দ দিব। উল্লেখ্য যে এই গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা গীত আৰু কবিতা পাঠৰ অনুষ্ঠানত ধন দাস, ৰিতু ভঁৰালী, চম্পা নেওগ, বিৰাজ দত্ত, ৰিতামণি কোঁৱৰ, সন্ধ্যাৰাণী বেজবৰুৱা, অনামিকা শৰ্মা, চয়নিকা বৰুৱা, জাহ্নৱী কোঁৱৰ, প্ৰণৱ নাথকে প্ৰমুখ্য কৰি কুৰিজনৰো অধিকজনে গীত পৰিৱেশন আৰু কবিতা পাঠ কৰে। সভাৰ শেষত সভাপতি হিচাপে উপস্থিত থকা হেমচন্দ্ৰ শইকীয়াই আটাইকেইগৰাকী লেখক লেখিকালৈ পুনৰ অভিনন্দন জনায় আৰু বৰ্তমান অসমীয়া ভাষাৰ স্বকীয়তা বজাই ৰখাত লেখকসকলৰ ভূমিকা সম্পৰ্কে সুন্দৰ মতামত আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ অভয়পুৰ বঙালী গাঁৱত খাৰিয়া পৰিয়ালৰ অবৈধভাৱে দখল কৰি ৰখা ভুমি মোকলাই দিয়া, দাবীত আছাৰ অৱস্থান ধৰ্মঘট
মৰাণৰ অভয়পুৰ বঙালী গাঁৱত খাৰিয়া পৰিয়ালৰ অবৈধভাৱে দখল কৰি ৰখা ভুমি মোকলাই দিয়া, দাবীত আছাৰ...
મહુવામાં ક્રાઇમ બ્રાન્ચે દારૂ અડ્ડા પર રેડ પાડી
#buletinindia #gujarat #mahuva
અમારી યુટ્યુબ ચેનલને લાઈક, શેર અને સબ્સ્ક્રાઇબ કરો અને...
કેશોદ : આબંલા ગામે પ્રાચીન પરંપરા સાથે યોજાતી નવરાત્રિ
કેશોદ : આબંલા ગામે પ્રાચીન પરંપરા સાથે યોજાતી નવરાત્રિ
কামৰূপৰ কঞাঁ আৰক্ষীয়ে আটক কৰিলে নিষিদ্ধ ড্ৰাগছ সহ ব্যৱসায়ীক
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোৱৰৰ...