ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰখোৱাং ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনৰ আজি নিৰীক্ষণ কৰিলে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)বিশ্বজিত ফুকনে। পৰিদৰ্শন কালত উপায়ুক্তই এই ভৱনৰ নিৰীক্ষণ কৰাৰ লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডঃ হিমাংশু বড়াৰ লগত মত বিনিময় কৰি চিকিৎসালয়ৰ উদ্বোধন আৰু প্ৰয়োজনীয় বয়-বস্তুৰ সম্পৰ্কে আলোচনা কৰে। মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ হিমাংশু বড়াই জনোৱা মতে শীঘ্ৰে নৱনিৰ্মিত চিকিৎসালয় খন ৰাইজৰ বাবে মুকলি কৰা হ'ব।