অষ্টম শ্ৰেণীৰ ছাত্ৰক অপহৰণ, মুমূৰ্ষুু অৱস্থাত উদ্ধাৰ

চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ অপহৃত হোৱাৰ পাছত কালি নিশা মুমূৰ্ষুু অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সোণাৰিত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, সোণাৰি নগৰৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত গেছ গোদামৰ বাসিন্দা গোলাপ কাঁহাৰৰ পুত্ৰ তথা সোণাৰি ছেন্ট যোচেফ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সুমিত কাঁহাৰে কালি পুৱা ৮ বজাত চাইকেলেৰে বিদ্যালয়লৈ ওলাই অহাৰ পথত সোণাৰি দৈনিক বজাৰৰ সমীপত এখন বগা ৰঙৰ ইণ্ডিকাত অহা দুজন ব্যক্তিয়ে ছাত্ৰজনক কাষলৈ মাতে৷ ছাত্ৰজনে গাড়ীখনৰ কাষলৈ যোৱাত এখন কাপোৰেৰে মুখত সোপা মাৰি ধৰি সংজ্ঞাহীন কৰি গাড়ীত লৈ যায়৷

ইফালে, সন্ধিয়া পৰ্যন্ত ছাত্ৰজন ঘৰলৈ নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ বিদ্যালয়ৰ লগতে ছাত্ৰজনৰ বন্ধু-বান্ধৱৰ সৈতে খা-খবৰ কৰিও কোনো ঠাইতে ছাত্ৰজনৰ সন্ধান নোপোৱাত পিতৃয়ে সোণাৰি থানাত এজাহাৰ দিয়ে৷ আনহাতে, নিশা প্ৰায় ৮ বজাত ছাত্ৰজনক মুমূৰ্ষুু অৱস্থাত নিজৰ ঘৰৰ পদূলিত স্থানীয় একাংশ লোকে পৰি থকা দেখি পৰিয়ালৰ লোকক অৱগত কৰে আৰু পৰিয়ালৰ লোকে মুমূৰ্ষু অৱস্থাত থকা ছাত্ৰজনক উদ্ধাৰ কৰি লগে লগে সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ আনহাতে, ছাত্ৰজনৰ অৱস্থা গুৰুতৰ হোৱালৈ লক্ষ্য ৰাখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে লগে লগে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, ছাত্ৰজনে সমগ্ৰ ঘটনাটোৰ বিৱৰণ  দিছে যদিও অপহৰণকাৰীয়ে কি উদ্দেশ্যত ছাত্ৰজনক অপহৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।