লাচিত দিৱসৰ দিনাই এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত অভিযোগমতে ডবকাৰ চাংমাজী মিকিৰ গাৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল চন্দ্ৰ ৰয়ে বিদ্যালয়খনৰ ৰান্ধনীক অশ্লীল প্ৰস্তাৱ দিয়ে৷ হেড ছাৰৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজৰ৷ ঘটনা সন্ধৰ্ভত গাৱৰ ৰাইজ অৱগত হোৱাৰ পাছত সৰব হৈ পৰে৷ শিক্ষক গৰাকীক স্কুলৰ পৰা উভতাই পঠিয়াবলৈ বাধ্য হৈছে ৰাইজ তথা অভিভাবকসকল৷

কেৱল ইমানেই নহয় শিক্ষকজনৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ লগতে শিক্ষা শিক্ষা বিভাগক লিখিত অভিযোগ দাখিল কৰি  উচিত শাস্তি বিছাৰিছে৷ এনেধৰণৰ চৰিত্ৰৰ শিক্ষকক কতো নিযুক্তি দিব নালাগে বুলি দাবী জনাইছে সচেতন ৰাইজে৷ এনে ধৰণৰ গুৰুতৰ অভিযোগ উত্তাপন হোৱাৰ পাছত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব৷