সোণাৰিৰ বিভিন্ন বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী।

 অসম চাহ মজদুৰ সংঘ , সোণাৰি শাখাত যোৱা ২৯ জুলাইত সংঘৰ নিৰ্দেশ মৰ্মে কাৰ্য্যকৰী কমিটিৰ সিদ্ধান্ত অনুযায়ী সংঘৰ অন্তৰ্গত বাগিছা সমূহত কাম কৰা শ্রমিক সকলৰ মৌলিক দাবীৰ সমাধান বিচাৰি সকলো শ্রমিকে কামলৈ যোৱাৰ পূর্বে বাগিছা কাৰ্য্যালয়ৰ প্ৰাঙ্গনত সমৱেত হৈ অহা ইং ০৩/০৮/২০২২ তাৰিখে ধর্ণা কাৰ্য্যসূচী আৰু ইং ০৪/০৮/২০২২ তাৰিখে ধর্ণা কাৰ্য্যসুচী ও বাগিছা পৰিচালক সকলক স্মাৰক পত্র প্রদান কার্য্যসূচী হাতত লোৱা হৈছিল। সেই মৰ্মে আজি চৰাইদেউ জিলাৰ বিভিন্ন বাগিচাৰ লগতে সোণাৰিৰ জবকা চাহ বাগিচাটো চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত ওত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।অসম চাহ মজদুৰ সংঘৰ জবকা শাখাৰ সভাপতি নাথন নাগৰ নেতৃত্বত পাঁচ শতাধিক লোকে এই ধৰ্না কাৰ্যসূচীত অংশগ্ৰহণ কৰে।