বাক্সা: ৰাজ্য তথা বিটিআৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু সৰবৰাহ । বিটিআৰৰ চিৰাং জিলাৰে পৰা বিগত বৰ্ষত আশী জনৰো অধিক শিশু উদ্ধাৰ হৈছে গেংটকত ৷ এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে। সোমবাৰে বাক্সা জিলাৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সহযোগত শিশু সুৰক্ষা শীৰ্ষক এক কৰ্মশালাত অংশগ্ৰহণ কৰি সাংবাদিকৰ ওচৰত এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰে ৰাষ্ট্ৰীয শিশু সুৰক্ষা আয়োগৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শৈষ্ঠ কে শ্বাহে । বিশেষজ্ঞ গৰাকীয়ে কয় যে বিটিআৰৰ বাক্সা, চিৰাং জিলাকে ধৰি বিভিন্ন জিলাত শিশু সৰবৰাহ আৰু মানৱ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে । আনহাতে ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে। আনহাতে অকল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু আজি ইয়াৰ অংশ ৰূপে জিলা শিশু সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ বিষয়ববীয়া সকলক লৈ এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি তেখেতে জানিবলৈ দিয়ে ৷ এই কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক, বাক্সা জিলা সমাজ কল্যাণ বিষয়াৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে ৷##
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোনাৰীৰ পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ তাণ্ডৱ।
চৰাই দেউ জিলাৰ সদৰ সোনাৰীৰ ধোদৰ আলিৰ কাষতে থকা পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ চোৰে...
બાળકો સહિત કર્યો હલ્લા બોલ કઈ જગ્યાએ
લો બોલો દિવા તળે અંધારુ આનુ નામ......... ટાંકીના નીચે ના વિસ્તાર માજ પાણી નથી આવતું
ખેડબ્રહ્મા...
सस्ते iPhone की तैयारियां तेज, Apple कर रहा iPhone SE 4 पर तेजी से काम
एपल iPhone SE 4 मॉडल पर कथित रूप से काम कर रहा है। पिछला एसई मॉडल 2022 में लॉन्च किया गया था। ऐसे...
ડીસા સહીત રાજ્યમાં ફરી માવઠાની આગાહી 13-14 માર્ચના રોજ ભારે પવન સાથે વરસાદની આગાહીથી ખેડૂતોમાં ચિંતા
ડીસા સહીત રાજ્યમાં હવામાન વિભાગ દ્વારા 5 અને 6 માર્ચે માવઠાની આગાહી કરાઇ હતી. જે મુજબ રાજ્યના...