বাক্সা: ৰাজ্য তথা বিটিআৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু সৰবৰাহ । বিটিআৰৰ চিৰাং জিলাৰে পৰা বিগত বৰ্ষত আশী জনৰো অধিক শিশু উদ্ধাৰ হৈছে গেংটকত ৷ এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে। সোমবাৰে বাক্সা জিলাৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সহযোগত শিশু সুৰক্ষা শীৰ্ষক এক কৰ্মশালাত অংশগ্ৰহণ কৰি সাংবাদিকৰ ওচৰত এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰে ৰাষ্ট্ৰীয শিশু সুৰক্ষা আয়োগৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শৈষ্ঠ কে শ্বাহে । বিশেষজ্ঞ গৰাকীয়ে কয় যে বিটিআৰৰ বাক্সা, চিৰাং জিলাকে ধৰি বিভিন্ন জিলাত শিশু সৰবৰাহ আৰু মানৱ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে । আনহাতে ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে। আনহাতে অকল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু আজি ইয়াৰ অংশ ৰূপে জিলা শিশু সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ বিষয়ববীয়া সকলক লৈ এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি তেখেতে জানিবলৈ দিয়ে ৷ এই কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক, বাক্সা জিলা সমাজ কল্যাণ বিষয়াৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে ৷##
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi-NCR Weather Update: दिल्ली-NCR में छाई धुंध की चादर, कोहरे में लिपटा India Gate | Delhi Fog
Delhi-NCR Weather Update: दिल्ली-NCR में छाई धुंध की चादर, कोहरे में लिपटा India Gate | Delhi Fog
करीब 20 हजार रुपये की कीमत में लॉन्च हुआ Realme का ये नया फोन, भर-भरकर हैं फीचर्स
Realme की V सीरीज का नया फोन V60 Pro लॉन्च हो गया है। इस स्मार्टफोन में 600mAh की बैटरी 45W फास्ट...
Seema Haider के साथ Nepal से Noida की बस में कौन था? दूसरे शख्स ने दिया Pakistani महिला का किराया
पाकिस्तानी महिला सीमा हैदर से एटीएस ने शक के आधार पर दो दिन तक लंबी पूछताछ की। इसके अलावा सचिन और...
হোজাইত ইউৰিয়া সাৰৰ ছিণ্ডিকেট
হোজাইত ইউৰিয়া সাৰৰ ছিণ্ডিকেট।কলা বজাৰত চলিছে ইউৰিয়া সাৰৰ বেহা।ইউৰিয়া সাৰ নাপাই পথ অৱৰোধৰে কৃষকৰ...