কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰাত যোৱা নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ উক্ত ডকাইতিৰ ঘটনাত এজন আৰক্ষী কমাণ্ডোসহ এজন ব্যৱসায়ী গুলীবিদ্ধ হোৱাৰ লগতে গণপ্ৰহাৰত গুৰুতৰভাৱে আহত ডকাইত এটাৰ চিকিৎসালয়ত মৃত্যু হয়৷ প্ৰাপ্ত বাতৰি মতে, চাৰিজনীয়া এটা অচিনাক্ত ডকাইতৰ দলে পিষ্টল আৰু ডেগাৰ দেখুৱাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাপাৰাস্থিত এখন গেলামাল দোকানত নিশা প্ৰায় ৮ বজাত চলাইছিল লুটপাত৷ ৰাজাপাৰা চ’কত থকা গোপাল ছেত্ৰী নামৰ ব্যৱসায়ী এজনৰ গেলামালৰ দোকানত চাৰিজনীয়া ডকাইতৰ দল প্ৰৱেশ কৰি গোপাল ছেত্ৰীৰ মূৰত পিষ্টল লগাই টকা দাবী কৰে৷ ডকাইতৰ দলটোৱে গোপাল ছেত্ৰীৰ পুত্ৰ ৰবি দেৱৰ লগতে দোকানৰ কৰ্মচাৰী সুৰজ নেৱাৰ নামৰ যুৱকজনক ডেগাৰেৰে আক্ৰমণ কৰাৰ লগতে তেওঁলোকলৈ গুলীচালনা কৰে৷ ফলত দোকানখনৰ কৰ্মচাৰী সুৰজ নেৱাৰ গুলীবিদ্ধ হয়৷ তদুপৰি, ৰবি দেৱকো ডেগাৰেৰে আক্ৰমণ কৰাত তেৱোঁ আঘাতপ্ৰাপ্ত হয়৷ ইফালে, গুলীৰ শব্দ শুনি দোকানখনৰ কাষত থকা হিমালয় হোটেলৰ পৰিচালক গণেশ থাপাই বাহিৰলৈ ওলাই অহাত ডকাইতৰ দলটোৱে তেওঁকো ডেগাৰেৰে আক্ৰমণ কৰে৷ ইপিনে, এই ডকাইতিৰ ঘটনা সম্পৰ্কত স্থানীয় লোকে বকো আৰক্ষীক অৱগত কৰাত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণিন্দ্ৰ চন্দ্ৰ নাথ আৰু হাঁহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম বসুমতাৰীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি আৰক্ষী বাহিনীৰ সৈতে নামি পৰে ডকাইত কৰায়ত্ত অভিযানত৷ ৰাইজৰ সহযোগত চলা শ্বাসৰুদ্ধকৰ অভিযানত দুটাকৈ ডকাইত আটক হয় যদিও আন্ধাৰৰ সুযোগলৈ পলাই সাৰে আন দুটা ডকাইত৷ অভিযানটোত ডকাইতৰ গুলীত গুলীবিদ্ধ হয় অসম আৰক্ষীৰ এজন কামাণ্ডো৷ পাছত লগে লগে গুলীবিদ্ধ জোৱানজনক উন্নত চিকিৎসাৰ বাবে বকো আৰক্ষীয়ে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ গুলীবিদ্ধ বকো আৰক্ষী থানাত নিয়োজিত কামাণ্ডোজন বিলাসীপাৰাৰ আশ্ৰাফুল আলম বুলি জানিব পৰা গৈছে৷ ৰাইজৰ সহযোগত আটকাধীন ডকাইত দুটাৰ গণপ্ৰহাৰত অৱস্থা কাহিল হৈ পৰাত আৰক্ষীয়ে দুয়োকে বকো চিকিৎসালয়ত ভৰ্তি কৰে৷ পাছত ডকাইত দুটাৰ এটাৰ চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যু হোৱা ডকাইতটো চিৰাং জিলাৰ ৰুলিখাটা থানাৰ অন্তৰ্গত কন্দুগুৰি গাঁৱৰ যোগেন বসুমতাৰীৰ পুত্ৰ দৰোচিং বসুমতাৰী বুলি পাছত চিনাক্ত হয়৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনটো ডকাইত চিৰাং জিলাৰ ৰুলিখাটা থানাৰ অন্তৰ্গত আশৰাবাৰী গাঁৱৰ তনেন বৰ্গীয়াৰীৰ পুত্ৰ ৰমেন বৰ্গেয়াৰী বুলি জানিব পৰা গৈছে৷ নিশাই আহত ডকাইতটোক উন্নত চিকিৎসাৰ বাবে আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ উক্ত অভিযানত আৰক্ষীয়ে ডকাইতৰ দলটোৱে ব্যবহাৰ কৰা এ এছ ১৫ এম ৪৯৩২ নম্বৰৰ এখন পালচাৰ বাইক, এটা পিষ্টল আৰু এখন ডেগাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ এই ডকাইতিৰ ঘটনা সম্পৰ্কত আজি ৰাজাপাৰাস্থিত গেলামালৰ দোকানী গোপাল ছেত্ৰীয়ে বকো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ ইফালে, যোৱা নিশাৰ এই ডকাইতি কাণ্ডৰ বুজ ল’বলৈ আজি ঘটনাস্থলী পৰিদৰ্শন কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ে৷ আৰক্ষী অধীক্ষকজনে ৰাইজৰ সৈতে মত বিনিময় কৰি পলায়ন কৰা ডকাইতকো শীঘ্ৰে কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰে৷