১৯৮৮চনৰ ১০ফেব্ৰুবাৰীত ৰহা স্থাপিত ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ত বৃহস্পতিবাৰে বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় আৰু কন কন শিশু সকলৰ গীত নৃত্যৰে মুখৰিত হৈ পৰিল।
এই উপলক্ষে পূবা ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়ত্ৰী প্ৰয়াত গুনমাই গগৈ ৰ প্ৰতিচ্ছবিৰ সন্মুখত উপ সভাপতি মহেশ্বৰ দাসে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে গোলাপ চন্দ্ৰ নাথ ৰ সভাপতিত্বত আৰু কেন্দ্ৰ ৰ প্ৰধান শিক্ষয়ত্ৰী চয়নিকা ডেকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰ ৰ শিক্ষয়ত্ৰী গীতা বৰাই আঁত ধৰা বঁটা প্ৰদান ত বাৰ্ষিক পৰীক্ষাত শ্ৰেণী নাৰ্চাৰীৰ পৰা নবম মানলৈ সৰ্বোচ্চ নম্বৰ আৰু ভাল আখৰ লিখা ৪৩ গৰাকী ছাত্ৰ ছাত্ৰীলৈ ফুলাম গামোচা, গ্ৰন্থ আৰু মোমেন্টো প্ৰদান কৰি পুৰস্কৃত কৰি উৎসাহ বৰ্ধন কৰাৰ লগতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান ত কেন্দ্ৰৰ কন কন শিশু সকলে বিহু নৃত্য ৰ লগতে বিভিন্ন গীত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে।
অনুষ্ঠানত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ হিৰন্যনাৰায়ন বৰা,কমলচন্দ্ৰ শৰ্মা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা,কুমুদ হাজৰিকা, ৰঞ্জু হাজৰিকা, পবিত্ৰ নাথ ৰ লগতে কেন্দ্ৰ ৰ শিক্ষক, শিক্ষয়ত্ৰী, অবিভাবক,অবিভাবিকা আৰু শতাধিক ছাত্ৰ,ছাত্ৰী উপস্থিত আছিল।