আজি ডিব্ৰুগড় প্ৰধান ডাক ঘৰত ভাৰতীয় ডাকৰ ডিব্ৰুগড় ডাক সংমণ্ডলৰ উদ্যোগত দেউৰী জনগোষ্ঠীৰ ওপৰত বিশেষ আৱৰণ ( Special Cover ) উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। 

ভাৰত চৰকাৰৰ Azadi Ka Amrit Mahotsav ৰ তত্ত্বাৱধানত ভাৰতীয় ডাক বিভাগে ভাৰতৰ জনগোষ্ঠী আৰু জনজাতীয় সামগ্ৰীৰ ওপৰত ৭৫ টা এনে বিশেষ কভাৰ মুকলিৰ (Special Cover) সিদ্ধান্তত আজি ডিব্ৰুগড় ডাক সংমণ্ডলে ডাক বিভাগৰ বিশেষ কভাৰত দেউৰী জনগোষ্ঠীক বিশেষ স্থান দিয়াৰ বাবে ডিব্ৰুগড় ডাক সংমণ্ডলৰ সমূহ বিষয়ববিয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 

আজিৰ অনুষ্ঠানত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰী ভাস্কৰ দেউৰী ডাঙৰীয়া, ডিব্ৰুগড় ডাক সংমণ্ডলৰ ডাক অধীক্ষক শ্ৰী কুমাৰ ৰঞ্জন ৰয় ডাঙৰীয়া , সহকাৰী নিৰ্দেশক শ্ৰী অনন্ত দাস ডাঙৰীয়া আৰু শ্ৰী গণেশ শৰ্মা ডাঙৰীয়া লগতে ডিব্ৰুগড় ডাকঘৰৰ কৰ্মচাৰী সকল উপস্থিত থাকে

।