তামুলপুৰ আৰক্ষীৰ ৩৯ লক্ষ্যাধিক টকাৰ গাঞ্জা সহ ড্ৰাগছ দাহন।

তামুলপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা ৩৯ লক্ষ্যাধিক টকাৰ গাঞ্জা সহ নিচাজাতীয় টেবলেট আজি তামুলপুৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সমীপত তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত ড্ৰাগছ সমূহ বিনষ্ট কৰা হয়। আৰক্ষীয়ে জনোৱা মতে সমগ্ৰ জিলাখনৰ পৰা ৭৫ কি. গ্ৰা. গাঞ্জা, ২৭৮ টা নিচাযুক্ত টেবলেট বিনষ্ট কৰে। উক্ত বিনষ্ট কৰা ড্ৰাগছ সমূহৰ মূল্য প্ৰায় ৩৯ লাখ টকা হব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ এই ড্ৰাগছ বিনষ্ট কাৰ্যসূচীত তামুলপুৰ আৰক্ষী অধীক্ষক গৰাকীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া, উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, দণ্ডাধীশ ওৱাহেদুৰ ৰহমান, ডা: গৌতম মেধি, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰ দেউঘৰীয়া, গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকা আদি কৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।