ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা 'আজাদি কা অমৃত মহোৎসৱ' ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিদ্যুত মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুত বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগিজুলিত 'বিজুলি মহোৎসৱ' অনুষ্ঠিত কৰা হয় । দেশৰ শক্তি ক্ষেত্ৰখন উন্নীত কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত কাৰ্যকৰী কৰা বিভিন্ন আঁচনি সমূহ আৰু এই দিশত লাভ কৰা সাফল্যতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে 'উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত, Power - 2047' শীৰ্ষক এই কাৰ্যসূচীত চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
আজিৰ সভাত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, এপিডিচিএল'ৰ তেজপুৰ বিদ্যুত মণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া শুভণ শইকীয়া, নীপকো'ৰ উপ-মহাপ্ৰবন্ধক (মানৱ সম্পদ) এলবিন দিপীকা দলে, জিলা প্ৰশাসনৰ অনান্য বিষয়া আৰু বিদ্যুত বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা (সৌভাগ্য) আচঁনি উদ্বোধনৰ ১৮ মাহৰ ভিতৰত ১০০ শতাংশ হিতাধিকাৰীয়ে বিজুলী সংযোগ লাভ কৰা চতিয়া সমষ্টিৰ বগিজুলি আৰু আমলগাত এই বিজুলী মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ দেশৰ ৭৭৩খন জিলাত ১০০ শতাংশ ঘৰত বৈদ্যুতীকৰণ সম্পন্ন হোৱা প্ৰতিখন জিলাৰে দুখনকৈ গাঁৱত ২৫ৰ পৰা ৩০ জুলাই লৈকে এই মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে ৷