নাগালেণ্ডৰ ভাণ্ডাৰীত পথ দুৰ্ঘটনাত গোলাঘাটৰ দুই ব্যক্তি আহত।

বুধবাৰে বিয়লি নাগালেণ্ডৰ ৱখা জিলাৰ ভাণ্ডাৰী নামৰ ঠাইত সংঘটিত এক পথ দুৰ্ঘটনাত গোলাঘাট জিলাৰ দুগৰাকী লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এখন ব্যক্তিগত চাৰিচকীয়া বাহনত নাগালেণ্ডৰ পৰা মেৰাপানী অভিমুখে আহি থকা অৱস্থাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰাত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় দুই আৰোহী ক্ৰমে আব্দুল আলি (৪১) আৰু চাইফুল আলি (৪৩) । গোলাঘাট জিলাৰ কাঠকটিয়া গাঁৱৰ ব্যক্তি দুজন ব্যৱসায় সংক্ৰান্তত নাগালেণ্ডলৈ গৈছিল বুলি জানিব পৰা গৈছে। পাছত নাগালেণ্ডৰ একাংশ স্থানীয় লোকৰ তৎপৰতাত আঘাটপ্ৰাপ্ত দুয়োজন লোককে মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইয়াৰে আব্দুল আলি নামৰ ব্যক্তিজনৰ দুৰ্ঘটনাৰ ফলত সোঁ ভৰিৰ হাড় ভাঙি যোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মেৰাপানীৰ চিকিৎসকে।