বৰ্ষ ১৯৯৪ৰ ১ জানুৱাৰীত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতি, ৰহাৰ ৩৩তম্ প্ৰতিষ্ঠা দিৱস আৰু সংগীত ২১ তম্ প্ৰতিষ্ঠা দিৱস এদিনীয়া বিস্তৃত  কাৰ্য্যসূচীৰে ৰহা পুৰনাচাৰিআলী স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত আয়োজন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

     প্ৰতিষ্ঠা দিৱস সূচাৰু পৰিচালনৰ বাবে অকণিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতি ৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ মহেন্দ্ৰ কলিতাক সভাপতি, প্ৰবোধ কলিতাক কাৰ্য্যকৰী সভাপতি, শৰৎ ডেকা, মৃদুল হাজৰিকা ক উপ সভাপতি হিচাপে লৈ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতি গঠন কৰা হৈছে।

      নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰী ১০ জানুৱাৰী ত পূবা পতাকা উওোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে ১০.৩০বজাত গিৰিধৰ বৰা সোঁৱৰণী মুকলি চিত্ৰাংকন প্ৰতিযোগিতা,১১বজাত আমাৰ গাঁও আমিয়েই সুন্দৰ কৰো আহা শীৰ্ষক মুকলি আড্ডা অনুষ্ঠিত হব।

     ২বজাত মোৰো মন যায় শীৰ্ষক কন কন অকণিহঁতৰ মুকলি সাংস্কৃতিক আৰু কবিতা আবৃওিৰ অনুষ্ঠান, ৩বজাত অকণিৰ কবিতা ঘৰ,সংগীত কাননৰ শিক্ষাৰ্থী সকলৰ মাজত সংগীত প্ৰতিযোগিতা আৰু বিয়লী ৫বজাত নিয়ৰ সনা গধুলি,সংস্কৃতিৰ সুগন্ধি,আমি পাতো ৰঙৰে মেলা শীৰ্ষক বৰ্নাট্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

   ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি ৰূপে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,বিশিষ্ট অতিথি ৰূপে ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰা,সমজিলা সম আয়ুক্ত জেবিন গুলনাৰ,অনুৰণ মেধি,ৰহা ৰাজহ চক্ৰ ৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়,ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা, উপ পৌৰপতি অনিমা দাস, ৰহা সমজিলা আৰক্ষী অধীক্ষক সোনমনি শইকীয়া উপস্থিত থাকিব।

   উদযাপন সমিতিয়ে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে।