বৰপেটা জিলাৰ হাউলীৰ কৈমাৰিৰ হোমা একাডেমিৰ কাষত বিগত এসপ্তাহে এটা কুকুৰে মুখত প্লাষ্টিকৰ টেমালৈ গুৰি ফুৰি থকা প্ৰত্যক্ষ কৰিছিল হাউলীৰ সাংবাদিক আনিছুজ জামানে। খাদ্য বস্তুৰ সন্ধান কৰি থকাৰ সময়তে হঠাৎ কুকুৰটোৰ মুখত লাগি ধৰে এটা প্লাষ্টিকৰ টেমা। যাৰ ফলত কুকুৰ টোৱে আহাৰ গ্ৰহণ কৰিব পৰা নাছিল। এই দৃশ্য সাংবাদিক গৰাকীয়ে প্ৰত্যক্ষ কৰি প্ৰথমে স্থানীয় ৰাইজৰ সহযোগত কুকুৰটোক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও সক্ষম হোৱা নাছিল। এই সন্ধৰ্ভত সাংবাদিক গৰাকীয়ে কুকুৰ নৰক যন্ত্ৰণাত ভোগা বুলি এটা বাতৰি যুগুত কৰাৰ পাছতে ৰাজ্যজুৰি কুকুৰ প্ৰেমী লোকে দুখ প্ৰকাশ কৰিছিল। আৰু সাংবাদিক গৰাকীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ফোন কৰি কুকুৰটো খবৰ লৈছিল। তাৰ পিছতে কুকুৰটোক উদ্ধাৰ কৰাৰ বাবে বৰপেটা ৰোডৰ এটা সেচ্ছাসেৱী সংগঠনে আগবাঢ়ি আহিছিল। নিলম দাস নামৰ এগৰাকী যুৱতীৰ নেতৃত্বত অহা ৫ জনীয়া এটা দলৰ লগতে হাউলীৰ কেই গৰাকী সাংবাদিকৰ সহযোত অৱশেষত কুকুৰ টোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি কুকুৰটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো উপস্থিত হয়। উল্লেখ্য যে ইয়াৰ পুৰ্বেও সাংবাদিক আনিছুজ জামানে নিজৰ তৎপৰতাত আবদ্ধ হৈ থকা জীৱ জন্তুক উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা থুকুলাগাঁও জনজাতি হৰি নামঘৰত পঞ্চম বাৰ্ষিক বৈকুণ্ঠ শ্ৰীমদ্ভগৱত পাঠ ও ব্যাখ্যা ২৩মাৰ্চৰ পৰা।
সন্মিলিত ৰহা তিৱা জনজাতি ১৮সমাজ পৰিচালনা সমিতিৰ উদ্যোগত তথা ৰহা থুকুলাগাঁও দুই প্ৰাথমিকৰ সৌজন্যত...
ડીસાના ભોયણ નજીક 2 લોકોને બચાવવા જતાં બોલેરો કાર પલ્ટી ખાઇ ગઇ : 3 વ્યક્તિઓને ઇજા
ડીસા-પાલનપુર નેશનલ હાઇવે પર ભોયણ ગામના પાટીયા પાસે બપોરના સુમારે બાઈક પર સવાર બે લોકોને બચાવવા...
જુગાર રમતા ચાર આરોપીઓને પોલીસે ઝડપી પાડ્યો
દાહોદ શહેરના કસ્બા બારીયા ફળિયામાં જાહેરમાં જુગાર રમતા ચાર આરોપીઓને પોલીસે ઝડપી તેમની પાસેથી...
દયાવાન ગ્રુપ દ્વારા આયોજિત વૃક્ષારોપણ... મોદી નાં જન્મદિવસ નિમિતે
ધાંગધ્રા દયાવાન ગ્રુપ દ્વારા આયોજિત ભારત દેશના વડાપ્રધાન શ્રી નરેન્દ્ર મોદી સાહેબ ના જન્મદિવસ...