সন্মিলিত ৰহা তিৱা জনজাতি ১৮সমাজ পৰিচালনা সমিতিৰ উদ্যোগত তথা ৰহা থুকুলাগাঁও দুই প্ৰাথমিকৰ সৌজন্যত অহা ২৩মাৰ্চৰ পৰা দুই দিনীয়া কাৰ্য্যসূচীৰে পঞ্চম বাৰ্ষিক বৈকুণ্ঠ শ্ৰীমদ্ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ৰহা থুকুলাগাঁও জনজাতি হৰি নামঘৰত প্ৰাংগনত অনুষ্ঠিত হব।

     কাৰ্য্যসূচী মতে প্ৰথম দিনা ২৩মাৰ্চত পূবা ৭বজাত বন্তি প্ৰজ্বলন ও শৰাই অৰ্চন,ধৰ্মধ্বজা উওোলনৰে দুই দিনীয়া শ্ৰীমদ্ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ৰ শুভাৰম্ভ হোবাৰ লগতে বৈকুন্ঠ শ্ৰীমদ্ভগৱত পাঠ শুভ উদ্বোধন ৰ পাছত বৰগীত পৰিবেশন আৰু ৯.৩০বজাৰ পৰা শ্ৰীমদ্ভগৱত পাঠ অনুষ্ঠান, বিয়লী ৫বজাত শৰাই ভংগ ও প্ৰসাদ বিতৰন ৰ পাছত সন্ধ্যা ৬বজাত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হব।

   দ্বিতীয় দিনা পূবা ৮বজাত শৰাই ভংগ ও প্ৰসাদ বিতৰন ৰ পাছত বিয়লী ২বজাত আই মাতৃ সকলৰ দ্বাৰা বৈকুন্ঠ দিহানাম আৰু বৈকুন্ঠ শ্ৰীমদ্ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমাপন হব।

   বিয়লী ৩বজাত প্ৰসাদ বিতৰন আৰু বিয়লী ৪বজাত ভকত বিদায় আৰু শলাগৰ শৰাইৰে দুই দিনীয়া শ্ৰীমদ্ভগৱত পাঠ আৰু ব্যাখ্যা ৰ সমাপন হব।

   দুই দিনীয়া শ্ৰীমদ্ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান সূচাৰু পৰিচালনা ৰ বাবে সুভাষ চন্দ্ৰ দেউৰীক সভাপতি,উপেন দেউৰীক সম্পাদক আৰু ৰাজু গাঁওখোৱা,প্ৰতাপ দেউৰী,তুন দেউৰী,মাধুয্য দেউৰীক যুটীয়া সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে।