আৰক্ষী চকীৰ সন্মুখত থকা ডিভাইডাৰত বাইকেৰে দ্ৰুতবেগত আহি খুন্দা মৰাৰ ফলতেই সৃষ্টি হয় এক দূৰ্ঘটনা ।কলিয়াবৰ আৰক্ষীয়ে বাইক আৰোহী দুজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ লৈ যায় যদিও বাইক চালক দৰ্শিত বৰাক মৃত বুলি জানিবলৈ দিয়ে আৰু মানস বৰাক চিকিৎসা প্ৰদান কৰা হয় ।দুয়োৰে ঘৰ কলিয়াবৰ তিনিআলিত বুলি আৰক্ষী বিষয়া নৱ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।