সংবাদ জগতত প্ৰৱেশ আদানীৰ । এন দি টিভিৰ ২৯.১৮% ক্ৰয় কৰিলে আদানীয়ে ।
উক্ত ২৯.১৮শতাংশ গৌতম আদানীৰ এ এম যি মিডিয়া নেটৱৰ্কছে ২৯৪কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে । দেশৰ সংবাদ জগতত এই খবৰ বিয়পি পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে ।
NDTV ৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় এ কয় যে কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড ৰ লগত থকা ২৯.১৮শতাংশ শ্বেয়াৰ বিক্ৰী কৰা হৈছে ।
উল্লেখযোগ্য যে এন দি টিভি(NDTV) ৰ বাকী শতাংশ খিনিৰ ওপৰতো চকু আছে গৌতম আদানীৰ গ্রুপৰ ।