অসম সন্তান,হিয়াৰ আমঠু,হাৰ্টথ্ৰুব জুবিন গাৰ্গ ৰ মৃত্যু ত সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা শোকস্তব্ধ,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ সমান্তৰালকৈ ৰহা ডিমৌত দিগন্ত পাতৰৰ প্ৰচেষ্টাত আৰু স্থানিয় ৰাইজৰ সহয়োগত ডিমৌচাৰিআলী স্থিত উৰনিয়া সেতুৰ খুঁটাত অংকন কৰা হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ প্ৰতিচ্ছবি।

    লগতে জানিব দিয়ে যে উৰনিয়া সেতুৰ ৪খন খুটাত প্ৰতিচ্ছবি অংকন কৰাৰ লগতে স্মৃতি সৌধ নিৰ্মান কৰা হব যত আজিবন অক্ষয় বন্তি প্ৰজ্বলন গৈ থাকিব।

চিত্ৰশিল্পী চন্দন কলিতা আৰু সহযোগী সকলে বিনা পাৰিশ্ৰমিকৰে প্ৰতিচ্ছবি অংকন কৰিছে।

   এই পদক্ষেপ ৰ সকলোৱে প্ৰশংসা কৰিছে।