কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আমিনগাঁওস্থিত জিলা ন্যায়িক আদালত আৰু ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে হাজো আৰু বকোত অৱস্থিত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত বৰ্ষটোৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক-আদালত অনুষ্ঠিত হৈ যায়। এই লোক আদালতত বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ, বেঙ্কৰ ঋণ অনাদায়, বিদ্যুতৰ মাচুল অনাদায় সম্পৰ্কীয় গোচৰ সমুহ পৰস্পৰ বুজি-বুজাবুজিৰ মাধ্যমেৰে নিষ্পত্তিৰ ব্যাৱস্থা কৰা হয়। লোক-আদালত খনত বিদ্যুতৰ মাচুল আৰু বেংকৰ ঋণ অনাদায় সম্পৰ্কীয় মুঠ ৫৫২২ টা গোচৰৰ ভিতৰত ৫১৬ টা গোচৰ নিষ্পত্তি হয় যাৰ মিত-মাত ৰাশি হল ১,১৪,৯১,৬৬২.০০ টকা। তদুপৰি মটৰ দুৰ্ঘটনা, ফৌজদাৰী, দেৱানী ইত্যাদি বিভিন্ন প্ৰকাৰৰ আদালতৰ অমীমাংসিত মুঠ ২১৪৫ টা গোচৰৰ ভিতৰত ১২০৮ টা গোচৰ নিষ্পত্তি হয় যাৰ মিত-মাত ৰাশি ১,০০,১৯,৯৬৪.২২ টকা। উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন. কোটিশ্বৰ সিং আৰু ন্যায়াধীশ সুমন শ্যামেও এই লোক আদালত পৰিদৰ্শন কৰে। লোক আদালতৰ সফলতাৰ বাবে জিলা তথা সত্ৰ ন্যায়াধীশ তথা কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ ডাৰাক উল্লাহ আৰু সচিব প্ৰণামী গোস্বামীয়ে জিলা খনৰ সমুহ ন্যায়িক বিষয়া- কৰ্মচাৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়, জিলা উপায়ুক্ত কীৰ্তি জল্লী , আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় সমন্বিতে সমুহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Rajasthan में भारी बारिश के बाद गिरी दीवार, एक बच्ची समेत तीन लोगों की मौत | Bikaner
Breaking News: Rajasthan में भारी बारिश के बाद गिरी दीवार, एक बच्ची समेत तीन लोगों की मौत | Bikaner
कचरे डालने से विवाद क्यों लेकर दो पक्ष आपस में झगड़ पड़े दूसरे पक्ष के लोगों ने पिता पुत्र मां पर चाकू से हमला किया
कोटा के नयापुरा थाना क्षेत्र के नेहरू कॉलोनी में आज सुबह मोहल्ले में कचरे
के विवाद को लेकर...
कॉंग्रेस का बड़ा आरोप सीबीआई जांच के डर से केजरीवाल नई आबकारी नीति को वापस लेने के लिए हुए मजबूर
सीबीआई जांच के डर से केजरीवाल नई आबकारी नीति को वापस लेने के लिए हुए मजबूर #thenewsexpress...