মঙ্গল বাৰে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ , আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বড়াক আদি কৰি আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহত প্ৰৱেশ কৰি যিবিলাক বন্ধ আছিল , সেই সমুহ খুলি দিয়াৰ আহ্বান জনায়। উল্লেখ্য যে ৰাইজৰ দলে " কা" বলৱৎ হোৱাৰ বিৰুদ্ধে বিৰোধীতা কৰি ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ বন্ধ কৰি দিছিল।জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বড়া, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নগৰৰ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি বন্ধ হৈথকা ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ খোলাৰ লগতে এই ঘটনা সন্দৰ্ভত কেইবাগৰাকী ব্যক্তিক আটক কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।