বুধবাৰে পুৱা প্ৰায় ছয় বজাৰ পৰা চৰাইদেউ জিলা সদৰ সোনাৰীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী। অসম চৰকাৰে চৰকাৰী বিদ্যালয়ত মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰে ষষ্ঠ শ্ৰেনীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষা ব্যৱহাৰ বাধ্যতামুলক কৰাৰ বিৰোধীতাৰে চৰাইদেউ আছুৱে গ্ৰহন কৰিছে এই প্ৰতিবাদী কাৰ্য্যসুচী।এই অনশন কাৰ্য্যসূচীত চৰাইদেউ জিলা ছাত্ৰসন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়াই অংশ গ্ৰহন কৰিছে।