১০২ বছৰীয়া স্বাধীনতা সংগ্ৰামী আইতা গোলাপী চেতিয়াৰ কথাৰে। 

দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী।‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌দেশজুৰি উদযাপন কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ। তেনে সময়তে আমি গৈ উপস্থিত হৈছিলো চৰাইদেউ জিলাৰ এগৰাকী স্বাধীনতা সংগ্ৰামী মহিলাৰ কাষত। চৰাইদেউ জিলাৰ এইগৰাকী আইতাৰ বয়স ১০২ বছৰ। স্বাধীনতা সংগ্ৰামী আইতাৰ নাম গোলাপী চেতিয়া। জিলাখনৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত জজলী কছাৰীবাম গাঁৱৰ নিবাসী গোলাপী চেতিয়া আইতা এতিয়াও হৈ আছে চিৰ তৰুণ। দেশৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি যথেষ্ট কষ্ট ত্যাগ কৰা আইতাই আমাৰ আগত কলে আন্দোলনৰ বহু কথা। বাৰ্ধক্যজনিত কাৰণত আইতাৰ স্মৃতি কিছু লোপ পাইছে যদিও এতিয়াও মনত ৰাখিছে স্বাধীনতা সংগ্ৰামৰ কথা। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষত উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই পবিত্ৰ ক্ষণত স্বাধীনতা সংগ্ৰামী আইতা গোলাপী চেতিয়াৰ মনৰ কথা জানোচোন আহক।