ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত তথা মৰিণ বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী নগৰ সামুহিক ভ ৱনত আজি মুখ্যমন্ত্ৰীৰ মঠাউৰিৰ পথ নিৰ্মান আঁচনিৰ ২০২২/২৩ অধীনত খোৱাং সোনোৱাল গাঁৱৰ পৰা বুঢ়ীদিহিং নদীৰ বাঁও পাৰ বোকাখোলালৈ নগৰথানলৈ পথৰ উন্নীত কৰণ কাৰ্য ৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি হালধিবাৰী নগৰ সামুহিক ভৱণত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে খোৱাং গাঁও পঞ্চায়তৰ সভাপতি ,হালধিবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী , নাহৰণি গাঁও পঞ্চায়তৰ সভাপতি, আৰু বহু গণ্যমান্য ব্যক্তি