গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধুলিমাৰীৰ উমা ছেত্ৰীয়ে ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰি জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰখনত অসমৰ বাবে এটা নতুন অধ্যায়ৰ সূচনা কৰা উমাৰ এই সাফল্যত গোলাঘাট জিলা প্ৰশাসনে ক্ৰিকেটাৰগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । নিজৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অনুশীলনৰ ফলত উমাই অৰ্জন কৰা এই সাফল্যই অসমৰ নাম বিশ্ব প্ৰেক্ষাপটত উজলাই তুলিব। গোলাঘাট জিলা প্ৰশাসনে উমাৰ উজ্জ্বল ভৱিষ্যৎ আৰু ক্ৰিকেটৰ ক্ষেত্ৰখনত খেলুৱৈগৰাকীৰ আৰু অধিক সাফল্য কামনা কৰিছে। লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ হিচাপে অহা ৯ জুলাইৰ পৰা বাংলাদেশৰ সৈতে তিনিখনীয়া টি ২০ আন্তঃৰাষ্ট্ৰীয় আৰু তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশ ল'ব। বাংলাদেশৰ মিৰপুৰৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ছখন খেলতে উমাই উইকেট কিপাৰ হিচাপে খেলিব। ৯,১১ আৰু ১৩ জুলাইত তিনিখন টি ২০ আৰু ১৬, ১৯ আৰু ২২ জুলাইত তিনিখন এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। ইয়াৰ পূৰ্বে উমাই যোৱা ১২ জুনৰ পৰা হংকঙত অনুষ্ঠিত মহিলা এমাৰ্জিং টীমছ এছিয়া কাপ ২০২৩ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলি দেশ, ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল।