ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তথা বামুনবাৰী আৰক্ষীচকীৰ এলেকাধীন বামুনবাৰী তিনিআলিৰ শংকৰ চাহুৰ বিৰুদ্ধে শিশু শ্ৰমিক ৰখাৰ আৰু চাহজনগোষ্ঠীৰ সংগঠনক অপদস্থ কৰাৰ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল চাহজনগোষ্ঠী গণমুক্তি পৰিষদ ডিব্ৰুগড়ৰ জিলা আৰু বামুনবাৰী আঞ্চলিক সমিতিৰ।  উল্লেখযোগ্য যে সংগঠনটোৰ অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ বামুণবাৰী তিনিআলিৰ প্ৰকাশ হোটেলত প্ৰায় কেইবা'মাহ ধৰি শিশু শ্ৰমিক কাম কৰাই থকা খবৰ ভিত্তিত কালি আদিবাসী চাহ জনগোষ্ঠী গণমুক্তি পৰিষদ ডিব্ৰুগড় জিলা সমিতি আৰু বামুণবাৰী আঞ্চলিক সমিতিৰ এটা সজাতি দলে শিশু শ্ৰমিকৰ বিৰুদ্ধে সোধ-পোচ কৰি থকা সময়ত কাষৰে ভানু মেডিকেল ষ্টৰ'ৰ গৰাকী তথা চিকিৎসা বিষয়া শংকৰ চন্দ্ৰ চাহু নামৰ ব্যক্তিগৰাকীৰ লগতে হোটেলৰ কেইবাগৰাকী লোক খৰ্গহস্ত হোৱাৰ লগতে অপদস্থ কৰিছিল সংগঠন কেইটাৰ সদস্যলৈ।