আজি দিনৰ ১১ বজাত যোৰহাটৰ প্ৰীতম ভৱনত অংকুৰণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। তিনিওখন গ্ৰন্থৰ প্ৰকাশক তথা অকণিৰ অংকুৰণ নামৰ শিশু আলোচনী আৰু অঙ্গন ই-আলোচনীৰ মুখ্য সম্পাদক হেমেন নাথে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট নিৱন্ধকাৰ তথা সাহিত্য সমালোচক হেমচন্দ্ৰ শইকীয়াই। গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, লেখক ড০ অখিল চক্ৰৱৰ্তী আৰু বিশিষ্ট লেখিকা, কবি নীলিমা শৰ্মা। বিশিষ্ট বিজ্ঞানী তথা লেখক ড০ দিলীপ কোঁৱৰৰ গল্পপুথি "ওখোৰা-মোখোৰা ল'ৰালিকাল" আৰু জনপ্ৰিয় কবি তথা লেখিকা মঞ্জুলা দেৱীৰ উপন্যাস "অবিচাৰত দহে যাৰ হিয়া" গ্ৰন্থ দুখন উন্মোচন কৰি উন্মোচক ড০ অখিল চক্ৰৱৰ্তীয়ে কয় যে লেখকৰ নিয়মীয়াকৈ লিখা অভ্যাসৰ অতি আৱশ্যক। যিকোনো পৰিস্থিতিত লেখকে নিয়মীয়াকৈ লিখিবই লাগিব। এই অভ্যাসেহে তেখেতক লেখক হিচাপে চিৰস্থায়ী পৰিচয় দিব। একেদৰে অসমৰ জনপ্ৰিয় অনুবাদক তথা লেখিকা অৰুণিমা শৰ্মা মহাপাত্ৰৰ দ্বাৰা অনুবাদিত "ৰাছিয়াৰ সাধু" নামৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখিকা নীলিমা শৰ্মাই কয় যে শিশু সকলৰ মনস্তাত্বিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অতি সহজ সৰল ভাষাৰে অতি সুন্দৰকৈ অনুবাদ কৰা "ৰাছিয়াৰ সাধু" গ্ৰন্থখনে অকণিহঁতৰ মনত আনন্দ দিব। উল্লেখ্য যে এই গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা গীত আৰু কবিতা পাঠৰ অনুষ্ঠানত ধন দাস, ৰিতু ভঁৰালী, চম্পা নেওগ, বিৰাজ দত্ত, ৰিতামণি কোঁৱৰ, সন্ধ্যাৰাণী বেজবৰুৱা, অনামিকা শৰ্মা, চয়নিকা বৰুৱা, জাহ্নৱী কোঁৱৰ, প্ৰণৱ নাথকে প্ৰমুখ্য কৰি কুৰিজনৰো অধিকজনে গীত পৰিৱেশন আৰু কবিতা পাঠ কৰে। সভাৰ শেষত সভাপতি হিচাপে উপস্থিত থকা হেমচন্দ্ৰ শইকীয়াই আটাইকেইগৰাকী লেখক লেখিকালৈ পুনৰ অভিনন্দন জনায় আৰু বৰ্তমান অসমীয়া ভাষাৰ স্বকীয়তা বজাই ৰখাত লেখকসকলৰ ভূমিকা সম্পৰ্কে সুন্দৰ মতামত আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજ ટીડીઓની સરકારી ગાડીને વડા ગામ પાસે અકસ્માત.. ઇન્ચાર્જ ટીડીઓ ડ્રાઈવરનો આબાદ બચાવ
કાંકરેજ ટીડીઓની સરકારી ગાડીને વડા ગામ પાસે અકસ્માત.. ઇન્ચાર્જ ટીડીઓ ડ્રાઈવરનો આબાદ બચાવ
એન.જે.સોનેચા કોલેજ ચાંડુવાવ ખાતે મતગણતરી કેન્દ્રનું નિરિક્ષણ કરતા ચૂંટણી નિરીક્ષકશ્રીઓ
વિધાનસભા ચૂંટણી સંબધિત કામગીરી અને સુરક્ષા સંબંધે થયેલી કામગીરી અંગે કર્યું નિરીક્ષણ
અર્બન...
રાજુલા : સરકારી ડોક્ટરો પ્રાઇવેટ હોસ્પિટલમાં પ્રેક્ટિસ કરતા ઝડપાયા | SatyaNirbhay News Channel
રાજુલા : સરકારી ડોક્ટરો પ્રાઇવેટ હોસ્પિટલમાં પ્રેક્ટિસ કરતા ઝડપાયા | SatyaNirbhay News Channel
6000mAh बैटरी, 50MP कैमरा और दमदार प्रोसेसर वाला Vivo का स्मार्टफोन हुआ सस्ता
Vivo Y58 स्मार्टफोन सस्ता हो गया है। वीवो का यह फोन मिड रेंज में दमदार स्पेसिफिकेशन्स के साथ जून...
संयुक्त निदेशक पशुपालपन विभाग बून्दी के सभागार में 21वीं पशुगणना 2024 अन्तर्गत मनोनित सुपरवाईजरों एवं प्रगणको का एक दिवसीय प्रशिक्षण कार्यक्रम आयोजित
संयुक्त निदेशक पशुपालपन विभाग बून्दी के सभागार में 21वीं पशुगणना 2024 अन्तर्गत मनोनित सुपरवाईजरों...