যোৱা ২২ মাৰ্চ তাৰিখে বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়, ৰাংচালীৰ দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰ চাহিল নেৱাৰে বিদ্যালয়ৰ চৌহদত অন্য লগৰীয়া ছাত্ৰৰ সৈতে খেলি থকা অৱস্থাত বিদ্যুৎ প্ৰবাহিত তাৰত লাগি বিদ্যুৎস্পৃষ্টহৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ PEDIATRIC (P.I.C.U) ৱাৰ্ডত জীৱন মৃত্যুৰ সৈতে যুজি আছে। সদৌ ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক নেৱাৰ আৰু সাধাৰণ সম্পাদক ৰত্ন থাপাৰ নেতৃত্বত এক সজাতি দলে চিকিৎসা মহাবিদ্যালয়লৈ গৈ ছাত্ৰ জনৰ স্বাস্থ্যৰ বুজ লয়।

বিদ্যালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই এনে কৰুণ ঘটনা সংঘটিত হবলৈ পালে বুলি উল্লেখ কৰি ঘটনাৰ উচিত তদন্ত কৰিবলৈ আজি মৰানত দাবী জনোৱাৰ লগতে সংশ্লিষ্ট বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰশাসনক ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছে।