:বাকসা জিলাৰ বৰমাৰ শ্ৰীশ্ৰীহৰি ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত বিশ্ব শান্তিৰ বাবে ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰ । ২৪ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা মুখ্য তোৰণৰ উন্মোচন , ধৰ্মধ্বজা উত্তোলন , বন্তি প্ৰজ্বলন , স্মৃতি তৰ্পণ , স্মৃতিগ্ৰন্থ উন্মোচনী সভাকে ধৰি বহু কাৰ্যসুচী । ধৰ্মালোচনী সভাৰ আলোচক হিচাপে হিচাপে উপস্থিত থাকিব বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰনজিৎ মিশ্ৰ দলৈ আৰু নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বীপজ্যোতি বৰপুজাৰীয়ে। 

আনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সাংসদ নৱ কুমাৰ শৰণীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন । আবেলি নাগাৰা নাম প্ৰদৰ্শন । ২৬ মাৰ্চৰ পুৱা ৭ বজাত হব শ্ৰী স্ৰী মহা বিষ্ণু যজ্ঞৰ পূৰ্ণাহুতি । যজ্ঞানুষ্ঠানৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।