জয়সাগৰ সাহিত্য সভাৰ সৌজন্যত আজি স্থানীয় জয়া যুৱ সংঘত 'একাদশ বাৰ্ষিক ডম্বৰু কাকতি স্মাৰক বক্তৃতা' অনুষ্ঠিত হৈ যায় । মূল বিষয় 'বিজ্ঞান, প্ৰযুক্তি আৰু মানৱ সমাজ' ৰ ওপৰত বক্তৃতা প্ৰদান কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত ডাঙৰীয়াই ।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বুধিন মিশ্ৰ, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথ, প্ৰাক্তন অধ্যক্ষ চামচুজ জামান, ৰংপুৰ ছোৱালী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্ৰ দত্ত, প্ৰফুল্ল কাকতি-ভুমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন ডিভিজনেল অফিচাৰ , শান্তনু চলিহা-ৰাজহ বিভাগৰ প্ৰাক্তন সহকাৰী আয়ুক্তকে আদি কৰি বহু গণ্য মান্য ব্যক্তিৰে আজি অনুষ্ঠানটিৰ মান্যতা প্ৰদান কৰে। ড° মায়াশ্ৰী গোস্বামীৰ সম্পাদনাৰে প্ৰকাশিত সভাৰ সান্মাষিক পত্ৰিকা 'নতুন সৃজনী' ৰ উনবিংশ সংখ্যাটি উন্মোচন কৰে শিক্ষাবিদ শ্ৰী যুত প্ৰতাপ চন্দ্ৰ দত্ত দেৱে ।

গীত পৰিবেশন কৰে ৰিম্পুল দেউৰী, ভাৰ্গৱ প্ৰতীম গগৈ আৰু ৰুমি দত্তই । সভাৰ সদস্যা প্ৰণতি দত্তই প্ৰয়াত ডম্বৰু কাকতিদেৱে ৰচনা কৰা এটি কবিতা পাঠ কৰে । আৰম্ভণিতেই 'চিৰচেনেহী মোৰ ভাষা জননী' গীতটি সভাৰ সদস্যা সকলে পৰিবেশন কৰে ।