গোলাঘাটত গঁড়ৰ মৃত্যুৰ তদন্ত কাৰী দল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঁড়ৰ মৃত্যুৰ পিছতেই তদন্ত দিয়াৰ পিছতেই গোলাঘাটত ভাগে ভাগে চলিছে তদন্ত প্ৰক্ৰিয়া ৷ গঁড়টো বিচৰণ কৰা প্ৰতিটো প্ৰান্তত আৰক্ষী আৰু বনবিভাগে পৃথকে পৃথকে চলাইছে তদন্ত প্ৰক্ৰিয়া ৷ অসম আৰক্ষীৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী আৰু বনবিভাগৰ বন সংৰক্ষক বৈশৱ সিং মাথোৰৰ নেতৃত্বত চলা তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই গোলাঘাটত পৃথকে পৃথকে চলিছে গঁড়ৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ৷ গোলাঘাটৰ পদুমণিত গঁড়টোৰ মৃত্যুৰ পিছতেই খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই সমগ্ৰ ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ বিধায়ক গৰাকীৰ টুইটৰ পিছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটোৰ ওপৰত বিচাৰিছিল তদন্তৰ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশৰ পিছতেই গোলাঘাটত উপস্থিত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুৰ্খাজী আৰু বনবিভাগৰ বন সংৰক্ষক বৈশৱ সিং মাথোৰ ৷ ইতিমধ্যে আৰক্ষী আৰু বনবিভাগৰ দল দুটাই পৃথকে পৃথকে গঁড়টো বিচৰণ কৰা স্থানসমূহলৈ গৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ বনবিভাগৰ বন সংৰক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি দুই তিনিদিনৰ ভিতৰত গঁড়টো বিচৰণ কৰা স্থানসমূহৰ পৰিদৰ্শন কৰি বিভাগৰ দলৰ সৈতে মত বিনিময় কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ আনহাতে গোলাঘাটৰ আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত সম্পূৰ্ণ বিষয়টোৰ ওপৰত তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়াৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি উল্লেখ কৰে ৷ গঁড়টো মৃত্যুৰ পিছতেই খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই গোলাঘাটৰ আৰক্ষী প্ৰশাসনক একপ্ৰকাৰ দোষাৰোপ কৰিছিল ৷ গোটেই বিষয়টো এতিয়া সম্পূৰ্ণ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છોટાઉદેપુર જિલ્લાઆરોગ્યકર્મચારીમંડળદ્વારા જિલ્લા વિકાસ અધિકારી તેમજજિલ્લાઆરોગ્ય અધિકારીને આવેદન પત્ર
છોટાઉદેપુર જિલ્લાઆરોગ્યકર્મચારીમંડળદ્વારા જિલ્લા વિકાસ અધિકારી તેમજજિલ્લાઆરોગ્ય અધિકારીને આવેદન પત્ર
LSG vs MI Pitch Report: चेपॉक में स्पिनर्स का रहेगा बोलबाला या बल्लेबाज दिखाएंगे तूफान, जानें पिच की कहानी?
MA Chidambaram Stadium Pitch Report। चेपॉक स्टेडियम में आईपीएल 2023 का एलिमिनेट मुकाबला...
જિલ્લામાં 1927 પોસ્ટર અને બેનરો દૂર કરાયા લાગી આચાર સંહિતા
સાબરકાંઠા જિલ્લામાંથી સરકારી મિલકત પરથી ૧૯૨૭ પોસ્ટર અને બેનરો દૂર કરાયા
...
অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ....
অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ....
बावरली में एएनटीएफ की बड़ी कार्यवाही,100 किलो एमडी ड्रग्स बरामद, करीबन आधा दर्जन आरोपी गिरफ्तार
राजस्थान को नशा मुक्त बनाने के संकल्प के तहत राजस्थान पुलिस ने एक और ऐतिहासिक सफलता हासिल की है।...