সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থা,বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ সন্মিলিত যুৱ মঞ্চৰ সহযোগত বিশ্ব মহাবীৰ চিলাৰায় ৫১৩ সংখ্যক জন্ম জয়ন্তী ভাগ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয় আৰু জিলা ন্যায়লয় সন্মূখৰ বীৰভূমিত অতি আড়ম্বৰপূৰ্ণ ভাৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন কৰে বিশ্বনাথ সন্মিলিত যুৱ মঞ্চৰ সভাপতি প্ৰশান্ত মহন্তই ৷ লগতে বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে বিশ্বনাথ জিলা আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ভূঞাঁ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক নিপম কুমাৰ বৰা, কেন্দ্ৰীয় সদস্য তপন বৰ্মন, লক্ষ্মীনাথ হাজৰিকা, জিলা আক্ৰাছুৰ সভাপতি পিংকু হাজৰিকা, হোমেন বৰ্মন, আঞ্চলিক আক্ৰাছুৰ সভাপতি জ্যোতি প্ৰসাদ শইকীয়া, সম্পাদক ভাস্কৰ ৰাজখোৱা, আৰু বহুতো বিষয়ববীয়াই ৷ লগতে চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি চিত্ৰাঙ্কণ প্ৰতিযোগিতা, ৰচনা, কুইজ, কোচ ৰাজবংশীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷
অন্যহাতে, বিয়লি তিনি বজাত অনুষ্ঠিত মুকলি সভাত বিশ্বনাথ প্ৰশাসনৰ সহযোগত নিৰ্মিত বীৰজনাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিক বাৱে শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ এই সভাতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক বটাঁ বিতৰণ কৰে ৷ উক্ত অনুষ্ঠানত শণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশ্বনাথ জিলা আৰক্ষী, নৱনিযুক্ত বিশ্বনাথৰ ভাৰপ্ৰাপ্ত বিষয়া জয় ছিবানী ছাহানি , অতিৰিক্ত মহকুমা অধিপতি বিশ্বজিত শইকীয়া, অধীক্ষক নবীন সিঙৰ লগতে বিশ্বনাথ চাৰিআলি আঞ্চলিক আৰু বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে সন্মলিত যুৱ মঞ্চৰ সমুহ বিষয়ববীয়া সমাজ সেৱক অঞ্জন শইকীয়া আৰু বহু গণ্যমান্য ব্যক্তি বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে ।