অসম সাহিত্য সভাৰ আগন্তুক ষষ্ঠসপ্ততিতম অধিৱেশনৰ লগত সংগতি ৰাখি আজি নাৰায়ণপুৰত আদৰণি সমিতিয়ে হাতত লয় এক বৃক্ষৰোপনৰ কাৰ্যসুচী ৷ অলপতে অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈ মন্ত্ৰী ৰনোজ পেগুৱে  আদৰণি সমিতিক অধিৱেশনৰ স্মাৰক ৰুপে বৃক্ষৰোপনৰ পৰামৰ্শ আগবঢ়াইছিল ৷ যাৰবাবে আজি আদৰণি সমিতিয়ে প্ৰতিখন উপ সমিতিৰ দ্বাৰা নাৰায়ণপুৰৰ ত্ৰিশ খন বিদ্যালয়ত ৰোপন কৰে গছপুলি ৷