গোলাঘাটত চেগুণ ভৰ্তি ট্ৰাক দূৰ্ঘটনাত পতিত ,গোলাঘাট ,৮ মাৰ্চঃ গোলাঘাটৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ থুৰামুখত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে নাগালেণ্ডৰ পৰা অহা NL07AA 2772 নম্বৰৰ চেগুন কাঠ ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । কাঠখিনি বৈধ নে অৱৈধ সেইয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব ।