সেনা বাহিনীৰ উদ্যোগত বাইক ৰেলী সম্পন্ন

বাইক ৰেলী উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

আজি ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগনৰ পৰা ৰংঘৰ বাকৰিলৈ ৰাজপুত ৰেজিমেন্টৰ  আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জয়পুৰ বেটেলিয়নে এক বাইক ৰেলী কাৰ্যসূচী পূৱাৰ ভাগত সম্পন্ন কৰে। কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ বীৰ চক্ৰ জিন্টু গগৈৰ সোঁৱৰণী ত অনুষ্ঠিত কৰা বাইক ৰেলী টো শুভ উদ্বোধন কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।প্ৰায় তিনি শতাধিক বাইকাৰছে অংশগ্ৰহণ কৰা

উক্ত অনুষ্ঠানত উপস্থিত থাকে  শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদব, নাজিৰা মহকুমাধিপতি আৰুচী জৈন, কমান্ড আধিকাৰী, লেফটেনেন্ট বিবেক আনন্দ, লেফটেনেন্ট ভাৰত, কেপ্তেইন বি,কে  যাদব, কেপ্তেইন লক্ষ্মী উপস্থিত থাকে।