অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে দুৰ্ভগীয়া চাহ শ্ৰমিক মইনা নায়কে। 

লেপেটকটা চাহ বাগিচাৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ হিচাপে মইনা নায়কক ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ এখন চেক প্ৰদান কৰে।

GMCH ত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে চেক খন। 

দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছে মইনা নায়ক।

উল্লেখ্য যে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কলঘৰত কৰ্তব্যৰত অৱস্থাতে গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল মইনা নায়ক। 

তাৰ পিছৰে পৰা GMCH ত চিকিৎসাধীন হৈ আছে মইনা নায়ক।