মৰনৈ চাপৰি গাঁৱত বীৰাংগনা নাট্যগোষ্ঠীৰ উদ্যোগত মহকুমাৰ ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা সম্পন্ন।

তৰংগ নাট্য গোষ্ঠীয়ে লাভ কৰিলে শ্ৰেষ্ঠ নাট্য দল।

মৰনৈ চাপৰি গাঁৱত বিৰঙ্গনা নাট্যগোষ্ঠী  উদ্যোগত আৰু নাৱজ্যোতি যুৱক সংঘৰ সহযোগত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহকুমা ভিত্তিত কুইজ আৰু একাংকিকা প্ৰতিযোগিতা।

প্ৰথমদিনা অঠাৎ বৃহস্পতিবাৰে নিশা ৯বজাৰ পৰা প্ৰদৰ্শন কৰা হয় একাংকিকা নাট প্ৰতিযোগিতা ।এই প্ৰতিযোগিতাত ঢকুৱাখনা, ঘিলামৰা, বেবেজিয়া অঞ্চলৰ কেইবাটাও নাট্যদলে অংশগ্ৰহণ কৰে।

নাট প্ৰতিযোগিতাত তৰংগ নাট্যগোষ্ঠীযে প্ৰথম স্থান লাভ কৰি শ্ৰেষ্ঠ  নাট্যদল হিচাপে বিবেচিত হয়।ইয়াৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ঘিলামৰা পাঞ্চজন্য শিল্পী সমাজৰ নাট্যগোষ্ঠীয়ে।

উল্লেখযোগ্য যে এই দলটোৰ পৰা শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰাৰ বিপৰীতে তৰংগ নাট্য দলৰ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু পৰিচালকৰ সন্মান লাভ কৰে।

মাজ নিশালৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অন্তত বিজয় দুয়োটা দলকে প্ৰমাণ পত্ৰৰ লগতে নগদ ধনেৰে পুৰষ্কাৰ প্ৰদান কৰে।