বৃহস্পতিবাৰে  কলিয়াবৰৰ বৰঘুলি বজাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ড্ৰামপাৰৰ খুন্দাত ৮০ ৰ উৰ্ধৰ এগৰাকী চাইকেল আৰোহী থিতাতে নিহত হয়।

মৃত ব্যক্তিগৰাকীয়ে ফাৰ্মাচীৰ পৰা ঔষধ লৈ ঘৰলৈ গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী  ড্ৰামপাৰ খনে খুন্দা মাৰে। আৰক্ষীয়ে ড্ৰামপাৰ খন জব্দ কৰে যদিও চালকজন বৰ্তমানেও পলাতক অৱস্থাত।জানিব পৰা মতে মৃত ব্যক্তিগৰাকীৰ নাম আবু বাছাৰ।