ঔতলা-১২ নবেম্বৰ:: আজি দৰং জিলাৰ ঔতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অকলিবাৰীত অসম চৰকাৰৰ উদ্যোগত গ্ৰামাঞ্চলৰ কৃষক ৰাইজৰ সহায়ক হোৱাকৈ চৰকাৰী ধান ক্ৰয় গৃহৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয় ।‌ কলাইগাঁও সমষ্টিৰ বিধায়ক দৰ্গাদাস বড়ো আৰু দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এক জনাকীৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভাগীয অন্যান্য বিষয়া কৰ্মচাৰীৰ উপৰিও স্হানীয় ৰাইজৰ উপস্হিতিত উক্ত গৃহৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। ধান ক্ৰয় কেন্দ্ৰটিয়ে দৰং আৰু ওদালগুৰি জিলাৰ এক বৃহৎ সংখ্যক কৃষক ৰাইজৰ উপকাৰ সাধন কৰিব।

#Local news