চিলাপথাৰৰ গৌৰাংগপুৰত অনুষ্ঠিত তিনিদিনীয়া ফুটবল টুৰ্ণামেণ্টৰ সমফল সামৰণি পৰিল

স্বাধীনতা দিৱস উপলক্ষে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গৌৰাংগপূৰ আঞ্চলিক সমিতিয়ে অনুষ্ঠিত কৰা তিনিদিনীয়া ফুটবল টুৰ্ণামেণ্টখনৰ বুধবাৰে সফল সামৰণি পৰে । জিলাখনৰ বিভিন্ন স্থানৰ মুঠ ১২ টা ফুটবল দলে যোগদান কৰা খেলখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় গৌৰাংগপুৰ সোণালী ফুটবল ক্লাব আৰু ভৈৰৱপুৰ ইলেভেন ষ্টাৰ ফুটবল ক্লাৱৰ মাজত আৰু গৌৰাংগপুৰ সোণালী ফুটবল ক্লাৱে ৩-২ গলত জয়লাভ কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে আৰু ভৈৰৱপুৰ ইলেভেন ষ্টাৰ ফুটবল ক্লাৱে ৰানাৰ্ছ আপ সন্মান লাভ কৰে । আজি অনুষ্ঠিত কৰা খেলখনৰ সামৰণি অনুষ্ঠানত বিজয়ীসকলক ট্ৰফী আৰু ধনেৰে পুৰস্কৃত কৰা হয় । সামৰণি অনুষ্ঠানত চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগু, বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাসকে ধৰি জিলা সমিতিৰ সদস্যসকলৰ লগতে