মথুৰাপুৰত প্ৰভাত ফেৰী কাৰ্যসূচী।মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী৷ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অংশগ্ৰহণ।

আজাদীকা অমৃত মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে পুৱা চৰাইদেউ জিলাৰ সোনাৰি শিক্ষা খণ্ডৰ মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আজি পুৱা প্ৰভাত ফেৰী কাৰ্যসূচী অনুস্থিত হয়। এই উপলক্ষত পুৱা বিদ্যালয়খনৰ পৰা ওলাই প্ৰভাত ফেৰী যাত্ৰাটো ভকত গাঁও চুবুৰীয়া চুবুৰীয়া ভ্ৰমণ বিদ্যালয়খনলৈ আহে। প্ৰভাত ফেৰীত ছাত্ৰ-ছাত্ৰী,অভিভাৱক, শিক্ষক, শিক্ষয়ত্ৰীসহ শতাধিকে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীয়ে বন্দে মাতৰম শ্ল’গান আৰু দেশ ভক্তিমূলক গীতেৰে অঞ্চলটো পৰিৱেশ জীপাল কৰি তুলে।