সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশনখন লখিমপুৰ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত নাৰায়ণপুৰৰ মেৰমুখৰ সাতবৰবৰী বাকৰিত অহা ১১ আৰু ১২ মাৰ্চত দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব ৷ সেই উদেশ্য আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সত্যজিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ জিলা সমিতিৰ সম্পাদক মাধৱ ফুকনে ৷ সভাত সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সাধাৰণ সাধাৰণ সম্পাদক চন্দ্ৰ তালুকদাৰ, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক দিগন্ত হাজৰিকা, সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি খগেন হাজৰিকা, সহকাৰী সম্পাদক বিৰিঞ্চি বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক পৰশ গোস্বামী, মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল বৰুৱা, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ক্ষীৰোদ দুৱৰা, লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিময় হাজৰিকা , লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা কেশৱ চন্দ্ৰ দত্ত, সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ আগন্তুক একাদশ দ্বিবাৰ্ষিক অধিবেশন খনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শৰে ভাষন প্ৰদান কৰে ৷ সভাৰ বিশদ আলোচনাৰ অন্তত তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক, মূখ্য পৃষ্ঠপোষক, বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা, লখিমপুৰৰ বিধায়ক মানৱ ডেকাক পৃষ্ঠপোষক, শিক্ষাবিদ প্ৰফুল্ল বৰুৱাক উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ পৰশ গোস্বামীক সভাপতি, কৃষ্ণ বৰপাত্ৰগোঁহাইক কাৰ্যকৰী সভাপতি, হেমচন্দ্ৰ গোস্বামী, মনোজ বৰা, মিনাৰাম শইকীয়াক উপসভাপতি, মাধৱ চন্দ্ৰ ফুকনক মূখ্য সম্পাদক, ক্ষীৰোদ দুৱৰা, বিৰিঞ্চি বৰাক সম্পাদক, প্ৰনৱ হাজৰিকা আৰু মনদ্বীপ নেওগক সহকাৰী সম্পাদক, দিগন্ত হাজৰিকাক সভাপতি আৰু জ্যোতিময় হাজৰিকাক সম্পাদকৰূপেলৈ সাংস্কৃতিক উপসমিতি, শিক্ষাবিদ সত্যৰঞ্জন দত্তক সভাপতি, খগেন হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু প্ৰেমানন্দ তালুকদাৰক সম্পাদকৰূপেলৈ স্মৃতিগ্ৰন্থ উপসমিতি, জগত গগৈক সভাপতি আৰু সৰোজ কুমাৰ নেওগক সম্পাদক ৰূপেলৈ প্ৰচাৰ উপসমিতি, সত্য আগৰৱালাক সভাপতি আৰু মৃদুল বৰাক সম্পাদক ৰূপেলৈ খাদ্য উপ সমিতি কেইখন গঠন কৰা হয় ৷
সভাত সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ বহু সংখ্যক সদস্য আৰু আত্মীয় উপস্থিত থাকি আগন্তুক একাদশ দ্বিবাৰ্ষিক অধিবেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰি সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিছে ৷