১২২৮ খৃঃত পাটকাই পব্বৰ্ত পাৰ হৈ আহোম সকল অসমত প্ৰৱেশ কৰি বৰ অসমৰ ভেটি গঠন কৰা চাও লুং চুকাফাৰ স্মৃতিত সমগ্ৰ ৰাজ্যতে পালন কৰা হয় চুকাফা দিৱস। সোনাৰিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে সোনাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক খেল পথাৰত চুকাফা দিৱস পালন কৰা হয়। চুকাফা দিৱসৰ আজি প্ৰথম দিনৰ কাৰ্য্যসূচীত পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই। উল্লেখযোগ্য যে উক্ত।অনুষ্ঠানতে আজি অসমৰ।জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক চুকাফা বঁটা প্ৰদান কৰিব উদ্যাপন সমিতিয়ে।
সোনাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে চুকাফা দিৱস পালন। উপস্থিত থাকে কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাই।
 
  
  
  
  
   
   
  