হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলিত আজি আবেলি চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংগঠিত হয় ৷ দুৰ্ঘটনাৰ ফলত এজন বৃদ্ধ লোক থিতাতে নিহত হয় ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চল জুৰি তীব্য প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বাতৰি অনুসৰি আজি আবেলি ডবকাৰ মদাৰতলিৰ সমীপত নগাওঁৰ পৰা ডবকা অভিমুখে আহি থকা এ এছ ০২ এ ডি ৬১৬৫ নম্বৰৰ তীব্ৰবেগী আৰ্টিগা গাড়ী খনে পথৰ দাতিত থকা এজন বৃদ্ধ লোকক খুন্দা মাৰে ৷ ডবকাৰ সৰ্দাৰগাৱৰ হাজী আকবৰ আলী নামৰ বৃদ্ধ লোকজনে দোকানৰ পৰ সামগ্ৰী লৈ নিজা ঘৰ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংগঠিত হয় ৷ পাছত স্থানীয় লোকে ডবকা আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ মাত্ৰকেই ডবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাবে আহত বৃদ্ধ লোকজনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ তৰি ডবকাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ আনে যদিওঁ তাত চিকিৎসকে লোকজনক় মৃত ঘোষনা কৰে ৷ পাছত দুৰ্ঘটনা সংগঠিত কৰা গাড়ীখন জব্দ কৰি ডবকা আৰক্ষী থানালৈ লৈ আনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नड तालुक्यातील हिवरखेडा गौताळा येथे माणुसकीला काळीमा फासणारी घटना
कन्नड तालुक्यातील हिवरखेडा गौताळा येथे दि.25 रोजी दिपावलीच्या संध्याकाळी माणुसकीला काळीमा फासणारी...
दुनिया में Made in India iPhones की गूंज, 14 प्रतिशत आइफोन भारत में असेंबल हुए
एपल ने वैश्विक स्तर पर असेंबल किए गए कुल आइफोन का 14 प्रतिशत भारत में असेंबल किया है। इसके साथ ही...
US Market To Crash Today? | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News
US Market To Crash Today? | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News
જેસરના પીપરડી ખાતે લમ્પી વાયસના દેખા કેસો નોંધાતા કાર્યવાહી હાથ ધરાઈ
જેસરના પીપરડી ખાતે લમ્પી વાયસના દેખા કેસો નોંધાતા કાર્યવાહી હાથ ધરાઈ