আজি তেজপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত এখন সভাত আগন্তুক অৰুণোদয় মাহৰ পূৰ্বে শোণিতপুৰ জিলাৰ বাবে নিয়োগ কৰা পৰ্যবেক্ষক আৰু পৰীক্ষণ দলৰ সদস্যসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে। আজিৰ সভাত বিধায়ক গণেশ লিম্বু, পৃথ্বিৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, ড০ জ্যোতি কমল হাজৰিকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল . উপস্থিত থাকে ৷

সভাত ভাষণ দি মন্ত্ৰী অজন্ত নেওগে কয় যে এই পুনৰীক্ষণ প্ৰক্ৰিয়াত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাকৈ সমাপন কৰাৰ উদ্দেশ্যে তেওঁলোকক এই দায়িত্ব অৰ্পণ কৰা হৈছে।

উদ্বোধনী ভাষণত উপায়ুক্ত দেৱা কুমাৰ মিশ্ৰই জনায় যে অৰুণোদয় মাহত হবলগীয়া এই পুনৰীক্ষণ প্ৰক্ৰিয়াত জিলাখনৰ ৮২খন গাঁও পঞ্চায়ত আৰু ৪ খন পৌৰ সভাৰ ৪৯টা ৱাৰ্ডৰ ৭৮,৩৪২ গৰাকী অৰুণোদয় হিতাধিকাৰীৰ মাজত এই জৰীপ সম্পন্ন কৰা হ’ব। শোণিতপুৰ জিলাৰ বাবে নিয়োগ কৰা মুঠ ১৩১ জন পৰ্যবেক্ষক আৰু ২৬২ টা পৰীক্ষণ দলৰ মুঠ ৫২৪ জন পৰীক্ষণ দলৰ সদস্যক আজি এই প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

আতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাই পৰ্যবেক্ষক আৰু পৰীক্ষণ দলৰ সদস্য হিচাপে নিয়োগ কৰা বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক ভূমিকা আৰু দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰু মোবাইল এপ্লিকেচনৰ ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰে। লগতে বৰ্তমানৰ হিতাধিকাৰীসকলৰ মাজত কেনেকৈ অযোগ্য হিতাধিকাৰী চিনাক্ত কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হৈ যাতে এই আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীসকলেহে লাভ কৰিব পাৰে ।

উল্লেখ্য যে, অহা ২০ আগষ্টত সকলো জিলাতে নিজ নিজ অভিভাৱক মন্ত্ৰীয়ে অৰুণোদয় মাহৰ কাৰ্যসূচী আৰু জৰীপৰ শুভ উদ্বোধন কৰিব আৰু ২০ ছেপ্টেম্বৰ, ২০২২ৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰা হ’ব। অযোগ্য হিতাধিকাৰীক নিৰ্ধাৰণ কৰি বাদ দিয়াৰ প্ৰক্ৰিয়া ২০ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত কৰা হ’ব আৰু অৰুণোদয় ডাটাবেছৰ পৰা অযোগ্য হিতাধিকাৰীসকলক বাদ দি যোগ্য হিতাধিকাৰীৰ চূড়ান্ত তালিকা ১ অক্টোবৰ, ২০২২ৰ ভিতৰত প্ৰস্তুত কৰা হ’ব।