চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত আজি অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ শাখাৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে সংঘৰ হীৰক জয়ন্তী উদ্‌যাপন কৰা হয়। অসম চাহ মজদুৰ সংঘ ১৯৪৭ চনৰ ৯ফ্ৰেবুৱাৰীত শ্ৰম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এক অনুষ্ঠান। অবিৰত ভাৱে দেিখণ্ডিত নোহোৱাকে ৭৫ টা বছৰ অতিক্ৰম কৰিলে।

এই ৭৫টা বছৰ অতিক্ৰম কৰাৰ কাৰণে ২০২২আৰু ২০২৩ বছৰটো হীৰক জয়ন্তী হিচাৱে কেন্দ্ৰীয় নেতৃত্বৰ লগতে অসমৰ ২০টা শাখাই হীৰক জয়ন্তী পালনৰ প্ৰস্তুতি চলাইছে। এই বৰ্ণিল পৰিক্ৰমা সমাজৰ মাজত চিনাকী।কৰিদিয়াৰ উদ্দেশ্যে মৰাণ শাখাৰ উদ্যোগত এই হীৰক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতেই বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।বিয়লি অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ শাখাৰ সভাপতি ৰেৱ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে চেপনৰ বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী অতুল বৰুৱাই।

অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ শাখাৰ সম্পাদক মোহিনী মোহন লিগিৰাই।আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে টিংখাং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন।অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিহাৰিচুজ জামান, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ঋষভ কলিতা, কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা মৰাণ শাখা চাহমজদুৰ সং ঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি ।