উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ বাবে সংৰক্ষিত আসনৰ সিদ্ধান্ত। মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ উপস্থিতিত ৫ জনীয়া এক বিচাৰপীঠে দিয়ে এই সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ৰ এই শুনানিৰ পাছত ১০ শতাংশ আসনৰ সংৰক্ষণৰ ব্যৱস্থা বাহাল থাকে অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে।

এই সন্দৰ্ভত বিচাৰপীঠে মন্তব্য দিয়ে যে, ১০ শতাংশ আসনৰ সংৰক্ষণে সংবিধানৰ কোনো নিয়মৰ উলংঘা নকৰে। তেনেস্থলত অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষিত আসনৰ বিৰুদ্ধে জনোৱা আবেদন সমূহো খাৰিজ কৰা হয়।

ইয়াৰ ওপৰিও ধৰ্ম-বৰ্ণ, জাতি তথা লিংগ নিৰ্বিশেষে সংৰক্ষিত এই ১০ শতাংশ আসনে সমতাৰ অধিকাৰতো প্ৰভাৱ নেপেলায় বুলি ৰায়দান দিয়ে উচ্চতম ন্যায়ালয়ে। আনহাতে এই সংৰক্ষণে শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত অৰ্থনৈতিক সমতাৰ হে সৃষ্টি কৰিব বুলি মন্তব্য কৰে বিচাৰপীঠে।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন হোৱা ৫ জনীয়া বিচাৰপীঠ খনৰ ৰায়দানৰ ভগ্নাংশ আছিল ৩:২। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটে এই শুনানিৰ বিৰুদ্ধে ৰায়দান দি মন্তব্য প্ৰদান কৰিছিল যে, এই সংৰক্ষণে সাংবিধানিক বৈধতাৰ উলংঘা কৰে। অৱশ্যে গৰিষ্ঠ সংখ্যক সমৰ্থন সংৰক্ষণৰ পক্ষত থকাৰ বাবে বাহাল ৰখা হয় সিদ্ধান্ত।