নামৰূপৰ পৰা টিংখাঙলৈকে নিৰ্মীয়মান ঐতিহাসিক মাহমৰা আলি নিৰ্মাণ কাৰ্যত চুড়ান্ত দুৰ্নীতি অনিয়মৰ অভিযোগ তুলি টিংখাঙত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে । সদৌ অসম ছাত্ৰ সন্থা নামৰূপ, টিংখাং আৰু ৰাজগড় আঞ্চলিক সমিতিয়ে যৌথ ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে।

প্ৰতিবাদকাৰী আছু কৰ্মী সকলে ঐতিহাসিক মাহমৰা পথটো নিৰ্মাণ কাৰ্যত বিসংগতি আৰু লেহেমীয়া হোৱাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰায় ৫০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা পথটো নিৰ্মাণত অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দায়িত্বত থকা বি বি এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলে।

প্ৰতিবাদকাৰী সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি বি বি এণ্টাৰপ্ৰাইজ হুচিয়াৰ , বি বি এণ্টাৰপ্ৰাইজ গ' বেক আদি শ্লগানেৰে টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তুলে