ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধান সভা সমষ্টিৰ কলৌলোৱা দেউৰী গাঁৱত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। মঙ্গলবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ একমাত্ৰ ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ আসনখনৰ এখন বিশাল নিৰ্বাচনী সভাত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাৰ্থী ভাস্কৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই।

কলৌলোৱা দেউৰী গাওঁ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাখনত জিলাখনৰ মৰাণ বিধান সভা সমষ্টিৰ মধুপুৰ দেউৰী গাওঁ, লাহোৱাল সমষ্টিৰ কাছমাৰী দেউৰী গাওঁ টিংখাং সমষ্টিৰ কলৌলোৱা দেউৰী গাঁৱকে সাঙুৰি প্ৰায় ১৮ শ ভোটাৰে হব লগা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীক জয়ী কৰাবলৈ বিজেপিৰ সভাপতি গৰাকীৰ লগতে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ চক্ৰধৰ গগৈ, বিজেপি ৰাজ্যিক সম্পাদক পুলক গোঁহাই, ডিব্ৰুগড় জিলা বিজেপি সভাপতি জগদীশ ৰাজকোঁৱৰ, অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামীকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ৰাজ্যখনৰ ২২ পৰিষদীয় সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে। আনহাতে মন্ত্ৰী বিমল বৰায়েও জিলাখনৰ একমাত্ৰ আসনখন দখল কৰিবলৈ সক্ষম হব বুলি দাবী কৰে ইফালে প্ৰাৰ্থী ভাস্কৰ দেউৰীয়েও জয়ী নিশ্চিত বুলি আশাবাদী,নিৰ্বাচনী প্ৰচাৰ সভাখনত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে মঞ্চত গীত পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে।