চিলাপথাৰত এম এ চিৰ ১১ নং উজনি চিচি টঙানি সমষ্টিত ৰাজহুৱা সভা, ৰাইজৰ পূৰ্ণ সহযোগৰ অবিহন সম্ভৱ নহয় উন্নয়নমূলক আঁচনি: উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম

চিলাপথাৰ,২৭ অক্টোবৰঃ মিচিং স্বায়ত্ত পৰিষদৰ ১১ নং উজনি চিচি টঙানি সমষ্টিৰ উন্নয়নমূলক আঁচনি সন্দৰ্ভত আলোচনাৰ বাবে আজি অনুষ্ঠিত হ'ল এক ৰাজহুৱা সভা। কুলাজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জনাকীৰ্ণ ৰাজহুৱা সভাৰ সভাপতিত্বত কৰে বিশিষ্ট সমাজ সেৱক বিৰেন টাহুৱে। মিচিং স্বায়ত্ত পৰিষদৰ ১১ নং উজনি চিচি টঙানি সমষ্টিৰ কাৰ্যবাহী সদস্য তথা উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে উদ্দেশ্য ব্যাখ্যা কৰি__ৰাইজৰ সহযোগৰ অবিহনে যিকোনো আঁচনিয়েই সফল ৰুপায়ন সম্ভৱ নহয় বুলি মন্তব্য কৰি প্ৰতিখন আঁচনিৰ ওপৰত চোকা দৃষ্টি ৰখাৰ দায়িত্ব ৰাইজৰো আছে বুলি কয়। সভাখনত সমষ্টিটোত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ বাবে গ্ৰহন কৰিব লগা বিভিন্ন আঁচনিৰ ওপৰত মুকলিকৈ মত প্ৰকাশ কৰাৰ লগতে সিদ্ধান্ত গ্ৰহনৰ ওপৰত ৰাইজে খুলচাকৈ আলোচনা কৰে। সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ জৰাজীৰ্ণ বাট পথ,শিক্ষাৰ সমস্যা,দলং- কালভাৰ্ট,ৰাজহুৱা প্ৰেক্ষাগৃহ, খেলপথাৰ,বিদ্যালয় আদি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজন হোৱা আঁচনিৰ ওপৰত বিস্তৃতভাৱে আলোচনা হয়। ৰাজহুৱা সভাখনত উপস্থিত টি এম এম কেৰ উপদেষ্টা মূল্যৰীনা পেগু,টি এম পি কেৰ সাংগঠনিক সম্পাদক উদেশ্বৰ দলেৰ লগতে কেইবাজনেও বিষয়বস্তুৰ ওপৰত সংগতি ৰাখি গঠনমূলক বক্তব্য প্ৰদান কৰে। সমষ্টিটোৰ অন্তৰ্গত ১১ নং উজনি চিচি টঙানি,কুলিজান আৰু আমগুৰি পঞ্চায়তৰ তিনিশতাধিক লোক সভাখনত উপস্থিত থাকে ।